thumbnail

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:24 PM IST

ETV Bharat / Videos

AJYCP hold protest at NHPC gate: ধেমাজি গেৰুকামুখৰ NHPC ৰ প্ৰৱেশদ্বাৰত AJYCP ৰ প্ৰতিবাদ

ধেমাজি, 28 অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ বিৰুদ্ধে শনিবাৰে দুপৰীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে NHPC ৰ প্ৰৱেশদ্বাৰত NHPC ৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদীসকলে NHPC বান্ধ বন্ধ কৰা আৰু চৰকাৰ বিৰোধী দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে কালিৰে পৰা গেৰুকামুখৰ Nhpc ত পাহাৰ খহি সোৱণশিৰি নদীখন হঠাতে শুকাই যায় ৷ ফলত নামনিত বাস কৰা জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টিৰ হয় ৷ তদুপৰি নদীখনত পুনৰ স্বাভাৱিকক গতিত পানী নহা পৰ্যন্ত ধেমাজি জিলা প্ৰশাসনে নদীপৰীয়া ৰাইজক সৰ্তক হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰে ৷ যিকোনো মুহূৰ্ততে বিপদৰ আশংকা কৰি ভয়ত বিতত হৈ পৰে ৰাইজ ৷ অৱশ্যে আজি নদীখনত কিছু পৰিমাণৰ পানী অহা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Lower Subanshiri big dam: নামনি সোৱণশিৰি নদীবান্ধ ভাঙি পেলোৱাৰ দাবী বিধায়ক অখিল গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.