নতুন কৰ আৰোপৰ বিৰোধিতাৰে ডুমডুমাত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - ডুমডুমাৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী
🎬 Watch Now: Feature Video


Published : Nov 26, 2023, 1:32 PM IST
তিনিচুকীয়া, 26 নৱেম্বৰ : নতুন কৰ আৰোপৰ বিৰোধিতাৰে দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত ডুমডুমা নগৰৰ মাজমজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি ডুমডুমা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
ক্ৰীড়া, সাংস্কৃতিক আদি ক্ষেত্ৰত নতুনকৈ আৰোপ কৰা কৰ বাতিল কৰাৰ দাবী উত্থাপন কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ লগতে এই কৰ অতি সোনকালে বাতিলৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ।
লগতে পঢ়ক : অমৃত কালত দলং এখন বিচাৰি ৰাইজে কৰিবলগীয়া হৈছে প্ৰতিবাদ