Conversion of rural areas into cities: গ্ৰামাঞ্চলক নগৰলৈ ৰূপান্তৰ কৰাৰ তীব্ৰ বিৰোধিতা - Assam gov urban project
🎬 Watch Now: Feature Video


Published : Aug 24, 2023, 4:40 PM IST
যোৰহাট,২৪ আগষ্ট: যোৰহাট জিলাৰ তিনি অঞ্চলক নগৰলৈ ৰূপান্তৰ কৰা সিদ্ধান্তক লৈ তীব্ৰ ক্ষোভ দল-সংগঠন আৰু সচেতন নাগৰিকৰ । শেহতীয়াকৈ অসম চৰকাৰে কিছুমান গ্ৰামাঞ্চলক নগৰলৈ ৰূপান্তৰ কৰা যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই কাৰ্যক গৰিহণা প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সচেতন ৰাইজে ।
যুৱ ছাত্র পৰিষদ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক শিৱ কলিতাই কয় যে, যোৰহাট জিলাৰ পুলিবৰ, লাহদৈগড় আৰু বৰহোলা অঞ্চলকেইটাৰ লোকসকল প্ৰধানত কৃষিজীৱী । ফলত এই সিদ্ধান্তই তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে । সেহে চৰকাৰৰ এনে কাৰ্যক গৰিহণা প্ৰদান কৰি চৰকাৰ এই সিদ্ধান্তৰ অন্তৰালত বহু ৰহস্য লুকাই আছে বুলি মত প্ৰকাশ কৰে ।
উক্ত অঞ্চল সমুহ গাঁৱৰ পৰাৰ নগৰলৈ পৰিণত কৰাটো চৰকাৰে ৰাজহ সংগ্ৰহৰ ঘাটি পূৰণ কৰিবলৈ জনসাধাৰণৰ ওপৰত অতিৰিক্ত কৰ জাপি দিয়া সিদ্ধান্ত অন্য এক কাৰণ বুলিও অভিহিত কৰে দল-সংগঠনে । আনহাতে এগৰাকী যোৰহাট সচেতন ব্যক্তি য়ে কয় যে চৰকাৰে গ্ৰামাঞ্চল কিছুমান অঞ্চলক নগৰলৈ পৰিণত কৰা আঁৰত ৰাজহ সংগ্ৰহ উদ্দেশ্য আছে । কাৰণ যেতিয়া এখন গাঁও নগৰলৈ পৰিণত হ'ব তেতিয়া সেই অঞ্চলৰ লোক সকল বিদ্যুৎ, খোৱাপানী আৰু ঘৰ নিমাৰ্ণ কৰা আদি বিভিন্ন ক্ষেত্ৰত মাচুল বৃদ্ধি হ'ব ।
উল্লেখ্য যে এই সময়চোৱাতো যোৰহাট নগৰবাসী খোৱাপানীৰ পৰা আদি কৰি বিভিন্ন সমস্যাত ভুক্তভোগী । সেয়েহে এখন নগৰত যি সমুহ সুবিধা থাকিব লাগে সেই সুবিধাসমূহ প্ৰদান কৰিবলৈ সামৰ্থ হোৱাৰ পিছত হে এনে পৰিৱেশৰ কথা চিন্তা কৰিব লাগে বুলি আওপকীয়াকৈ ৰাজ্য চৰকাৰখনক সমালোচনা কৰে ।