AJP Protest in Tinsukia:মণিপুৰৰ ঘটনাক লৈ তিনিচুকীয়াত প্ৰতিবাদ AJP ৰ

By

Published : Jul 21, 2023, 8:50 PM IST

thumbnail

তিনিচুকীয়া,২১ জুলাই: মানৱ সমাজক লজ্জানত কৰা মণিপুৰৰ ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসমতো বিভিন্ন দল সংগঠনে মণিপুৰলৈ শান্তি ঘুৰাই অনাৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ তিনিচুকীয়াতো অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ আৰু মহিলাক বিবস্ত্ৰ কৰি পদযাত্ৰা কৰা ঘটনাক নিন্দা প্ৰকাশ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ মুখত ক’লা কাপোৰ বান্ধি ম’ম জ্বলাই থানা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ৷ মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ দেশৰ প্ৰধানমন্ত্ৰীক আহ্বান প্ৰতিবাদকাৰী সকলে ৷  

দেশ কঁপোৱা ঘটনাৰ দোষীক কঠোৰ সাস্তি প্ৰদান কৰিবলৈও দাবী প্ৰতিবাদকাৰীৰ ৷ সমান্তৰালভাৱে মণিপুৰৰ নাৰীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাই অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷

লগতে পঢ়ক:Cattle Smuggling in Tinsukia: তিনিচুকীয়াৰ পৰা বাংলাদেশলৈ প্ৰতিদিনে গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.