AJP President Lurinjyoti Gogoi : ভাৰতবৰ্ষৰ জনতাই 2024ত নতুন চিন্তাৰে আগবাঢ়িব বিচাৰিছে; লুৰীণ জ্যোতি গগৈ - গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 2, 2023, 6:45 PM IST

শিৱসাগৰ, 2 আগষ্ট : "দেশত, ৰাজ্যত আইনৰ শাসন নোহোৱা হৈছে ৷ সেইবাবেই শিক্ষানুষ্ঠানত এনেদৰে উন্মুক্তভাৱে অস্ত্ৰ প্ৰশিক্ষণ দিব পৰা পৰিৱেশ হৈছে ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ ৷ শিৱসাগৰত উপস্থিত হৈ এই মন্তব্য নেতাগৰাকীৰ ৷

তেওঁ কয় যে, এই গোটেই ব্যৱস্থাটোক ৰক্ষণাবেক্ষণ দিবৰ বাবে, ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ চৰকাৰী মন্ত্ৰী, বিষয়া, নেতা-পালিনেতাই সাহস পাইছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ কথা-বতৰা সমূহ নিয়ণন্ত্ৰণ কৰিব পৰা নাই ৷ এই সমগ্ৰ ঘটনা বিচাৰ্য বিষয় আৰু এই সম্পৰ্কত তদন্ত হ’ব লাগে বুলি কয় তেওঁ ৷ মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেতাজনে ৷  

আনহাতে গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ সন্দৰ্ভত তেওঁ কয় যে, এই বিষয়টো এটা অপৰাধ ৷ বিজেপি, আৰ এছ এছে ইয়াক লাভ জেহাদ কৰিব বিচাৰিছে ৷ সংবিধানত, আইনী ব্যৱস্থাৰ ক’ত লাভ জেহাদৰ কথা উল্লেখ আছে বুলি প্ৰশ্ন কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ হত্যা হৈছে, অপৰাধ কৰিছে, পুংখানুপুংখভাৱে তদন্ত কৰি আইনী ব্যৱস্থাৰে শাস্তি প্ৰদান কৰিব লাগে ৷ গতিকে এই বিতৰ্ক কোনো কাৰণতে উচিত নহয় বুলি কৈ তেওঁ মন্তব্য কৰে যে, "আমাক লাগে যি আইন হাতত তুলি লৈ অপৰাধ কৰিছে তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা হ’ব লাগে ৷ সেয়া ট্ৰিপল মাৰ্ডাৰেই হওক বা জোনমণি ৰাভাৰ মৃত্যু ৷ "

লগতে কাৰো ধৰ্মীয় আবেগ-অনুভূতিত কোনোৱে হাত দিব নালাগে আৰু ধৰ্মীয় অনুভূতিক ৰাজনৈতিক এজেণ্ডা হিচাপে ব্যৱহাৰ কৰিব নালাগে বুলি ব্যক্ত কৰে অজাপৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক : Road construction in Assam: কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা; অসমত তিনি মাহত ১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.