Ek Asom Yatra : মাটি-ভেটি ৰক্ষা কৰিবলৈ সকলো এক হ’ব লাগিব: লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:06 PM IST

thumbnail

ডিব্ৰুগড়, 6 অক্টোবৰ : "আমি সমাজখন এক কৰিব খুজিছো ৷ সমন্বয় আৰু সংমিশ্ৰণেৰে যি সাতামপুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ ভেটি আছিল, এই ভেটি ভাঙিবলৈ কৰা যিকোনো প্ৰচেষ্টাকে আমি কেতিয়াও কোনো কাৰণতে মানি নলওঁ, গ্ৰহণ নকৰো ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ ডিব্ৰুগড় জিলাৰ টিংখাঙত হোৱা এক অসম যাত্ৰাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷

বিগত ২১ ছেপ্টেম্বৰত ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ "এক অসম যাত্ৰা" শুকুৰবাৰে টিংখাঙত প্ৰৱেশ কৰে ৷ টিংখাঙৰ নিগাম পাঁচআলি, ন-খাট, লেঙেৰী হৈ ৰাজগড় আৰু টিংখাঙত ৰাইজক সম্বোধন কৰে এই যাত্ৰাই ৷ লেঙেৰী আৰু ৰাজগড়ৰ ৰাজপথত শ-শ দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকৰ সৈতে পদযাত্ৰাত অংশগ্ৰহণ কৰে সভাপতি লুৰীণজ্যোতি গগৈসহ অজাপৰ নেতৃবৃন্দই ৷

এই এক অসম যাত্ৰাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, উপ-সভাপতি অনুপ ফুকন, দুলু আহমেদ, সাধাৰণ সম্পাদক ৰাজু ফুকন, যুটীয়া সম্পাদক মানিক গগৈকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুসংখ্যক বিষয়ববয়াই অংশগ্ৰহণ কৰে ৷ যাত্ৰাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে সমগ্ৰ অসমতে এক অসম যাত্ৰালৈ ৰাইজে স্বতৰ্স্ফূত সঁহাৰি জনাইছে ৷ শাসনাধিষ্ঠ বিজেপি দলৰ বিভাজনকামী নীতিৰ বিৰুদ্ধে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে ৷  

লগতে পঢ়ক : Assam Congress: অসম কংগ্ৰেছত এতিয়াও আছে ঘৰশত্ৰু বিভীষণ; তৎ হেৰাইছে দলীয় নেতৃত্বৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.