thumbnail

By

Published : Jul 22, 2023, 2:25 PM IST

ETV Bharat / Videos

AJP Protest in Dibrugarh: মণিপুৰৰ জঘন্য ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত মুখত ক'লা কাপোৰ বান্ধি অজাপৰ মৌন প্ৰতিবাদ

ডিব্ৰুগড়, 22 জুলাই : মণিপুৰত সংঘটিত বৰ্বৰ, বীভৎস কাণ্ডই জোকাৰিছে দেশক ৷ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাছতেই মনিপুৰৰ কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দানৱৰূপী একাংশ লোকে দলবদ্ধ ধৰ্ষণ কৰি উলংগ মহিলাক লৈ সমদল কৰাৰ দৃশ্য ৰাজহুৱা হোৱাৰ পাছতেই এই ঘটনাই দেশ জোকাৰি গৈছে ৷

এই ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে ৷ অসমতো সৰ্বত্ৰে প্ৰতিবাদ অশান্ত মণিপুৰৰ এই বীভৎস কাণ্ডৰ বিৰুদ্ধে ৷ এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৌন প্ৰতিবাদ অসম জাতীয় পৰিষদৰ ৷ ডিব্ৰুগড়ত অজাপৰ জিলা সমিতিয়ে মুখত ক'লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷  

চহৰখনৰ চৌকিডিঙ্গী চাৰিআলিত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে হাতে হাতে মমবাতি লৈ নাৰীৰ ওপৰত চলোৱা নিৰ্যাতনৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷ মণিপুৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত চৰকাৰে সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ'লে পৰিস্থিতি এনে নহ'ল হেতেন বুলি মন্তব্য কৰে অজাপৰ নেতা-কৰ্মী সকলে ৷ এই অমানৱীয়, বৰ্বৰ কাণ্ডত জড়িত অপৰাধীক ফাঁচীকাঠত ওলমাবলৈকো দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : AJP Protest in Tinsukia:মণিপুৰৰ ঘটনাক লৈ তিনিচুকীয়াত প্ৰতিবাদ AJP ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.