Constitution Day 2022: হোজাইত আজমল ফাউণ্ডেচনৰ উদ্যোগত সংবিধান দিৱস উদযাপন - গুৱাহাটী উচ্চ ন্যায়ালয়
🎬 Watch Now: Feature Video
প্ৰতি বছৰে ২৬ নৱেম্বৰত সমগ্ৰ ভাৰতবৰ্ষত ‘সংবিধান দিৱস’ পালন কৰা হয় (Constitution Day)। দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো আজমল ফাউণ্ডেচনৰ উদ্যোগত সংবিধান দিৱস পালন কৰা হয় (Ajmal Foundation celebrates Constitution Day) ৷ নাজিৰ আজমল মেমৰিয়েল কলেজৰ প্ৰেক্ষাগৃহত আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ উদযাপন কৰে সংবিধান দিৱসটি । এই অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হাফিজ ৰাছিদ আহমেদ চৌধুৰী, আৰ.চি.বৰপাত্ৰ গোঁহাইকে প্ৰমুখ্যে কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাজনো জেষ্ঠ অধিবক্তা উপস্থিত থাকে । সকলোৱে হোজাইৰ আইন মহাবিদ্যালয়ত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি আইন সন্দৰ্ভত নিজৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:33 PM IST