thumbnail

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:27 PM IST

ETV Bharat / Videos

Ajit Kumar bhuyan criticises BJP:ছিণ্ডিকেট, নিযুক্তি কেলেংকাৰী, যৌন কেলেংকাৰীয়ে বিজেপিক গ্ৰাস কৰিছে

গুৱাহাটী, ২২ আগষ্ট : বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰ বুলি একো নাই । একনায়কত্ববাদী শাসন চলিছে । ‘হিমন্ত বিশ্ব শৰ্মাই যি কয় সেয়ে আইন হৈ পৰিছে’, এই মন্তব্য সাংসদ অজিত ভূঞাৰ । তেওঁ কয় বিজেপি দলটো মুৰৰ পৰা ভৰিলৈ গেলিছে । গণতান্ত্ৰিক পৰিৱেশ নাই কেৱল কেলেংকাৰী । ছিণ্ডিকেট, নিযুক্তি কেলেংকাৰী, যৌন কেলেংকাৰীয়ে বিজেপিক গ্ৰাস কৰিছে বুলি বিজেপি দলক তীব্ৰ সমালোচনা কৰে ।

অজিত কুমাৰ ভূঞাই লগতে কয় যিমানে মিলালেও দলটোৰ কোনো ভৱিষ্যত নাই । দলটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি অসমত নিৰ্বাচন জিকিম বুলি ভাবিছে যদি তেনে একো নহয় । ২০২৬ ৰ নিৰ্বাচনত ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেইয়াই হ’ব । অৰাজকতা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাত জৰ্জৰিত আজিকালিৰ মানুহ কোনো পিনৰ পৰা সুখী নহয় । সদায় হিন্দু মুছলমান কৰি চৰকাৰ চলাই থাকিব নোৱাৰে বিজেপিয়ে । এই কথা ইতিমধ্যেই প্ৰমাণ হৈছে হিমাচল কৰ্ণাটকৰ নিৰ্বাচনত । আহিবলগীয়া নিৰ্বাচনত এই বচন পুনৰ প্ৰমাণ হ’ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : Namrup BVFCL: নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীৰে সাংসদ অজিত ভূঞাসহ প্ৰদেশ কংগ্ৰেছৰ স্মাৰক পত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.