thumbnail

By

Published : Jul 31, 2023, 4:01 PM IST

ETV Bharat / Videos

Ahom Jatiya Mahasabha meet: আহোম জনগোষ্ঠী অন্তৰ্ভূক্ত হ’ব বিচৰা নাই UCC ত

ডিব্ৰুগড়, 31 জুলাই : আহোম জাতিৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে মৰাণত আহোম জাতীয় মহাসভাৰ উদ্যোগত এখনি বৌদ্ধিক সন্মিলন অনুষ্ঠিত হয় । মৰাণ টাই অধ্যয়ন গৱেষণা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সন্মিলনৰ পিচতে সংবাদমেল যোগে বিষয়ববীয়াসকলে সদৰী কৰে বৌদ্ধিক সন্মিলনৰ সিদ্ধান্ত ।

অসমীয়াৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ নামত এখনি বিশ্বমানৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱ লোৱাৰ লগতে চৰকাৰক এই বিষয়ত আহ্বান জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । ইফালে বিগত কোনো এখন চৰকাৰে আজিলৈকে চাওলুং চুকাফাৰ নামত এখনো বিশ্ববিদ্যালয় স্থাপন নকৰা বিষয়ত আহোম জাতীয় মহাসভাই উদ্বেগ প্ৰকাশ কৰে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰিব বিচৰা ইউনিফৰ্ম চিভিল ক’ড (UCC) নীতিৰ বাহিৰত আহোম জনগোষ্ঠীক ৰখাৰ আহ্বান জনাই আহোম জাতীয় মহাসভাই । UCC প্ৰযোজ্য হ’লে আহোমৰ কৃষ্টি-সংস্কৃতি সৰ্বভাৰতীয় সংস্কৃতিয়ে গ্ৰাস কৰি পেলাব বুলি মন্তব্য আগবঢ়াই আহোম জাতীয় মহাসভাই ৷

বৌদ্ধিক সন্মিলনত আলোচিত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় নেতৃবৰ্গই অৱগত কৰে সংবাদমেল যোগেৰে । সংবাদমেলত আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুন্দৰজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি কনচেং বাইলুং ফুকন, সাধাৰণ সম্পাদক অনন্ত গগৈৰ লগতে বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : ST reservation: অনুসূচিত জনজাতিৰ বাবে সমষ্টি সংৰক্ষণ বিচাৰি ৮ টাকৈ জনজাতি সংগঠনৰ সংবাদমেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.