thumbnail

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 7:53 PM IST

ETV Bharat / Videos

লাহোৱালত অসম গণ পৰিষদৰ শ্বহীদ দিৱস পালন

ডিব্ৰুগড়, 10 ডিচেম্বৰ : আজি শ্বহীদ দিৱস ৷ অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে শ্বহীদ দিৱস ৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰজাঘৰ-প্ৰজাঘৰ সকলোৱে পালন কৰিছে এই দিৱস ৷

সমগ্ৰ ৰাজ্যৰ লগতে আজি ডিব্ৰুগড় জিলাৰ লাহোৱালতো অগপৰ চাবুৱা আৰু লাহোৱাল সমষ্টি সমিতিৰ উদ্যোগত সুৱৰ্ণতৰা মঞ্চত দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয় ৷ শ্বহীদ দিৱসৰ পুৱা পতাকা উত্তোলন কৰে অগপ, চাবুৱা বিধানসভা সমষ্টিৰ সভাপতি লাচিত মাউতে আৰু স্মৃতি তৰ্পণ কৰে শ্বহীদ দিৱস উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মাণিক গগৈয়ে ৷ বন্তি প্ৰজ্বলনৰ পিছতে শ্বহীদ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷

অগপৰ চাবুৱা বিধানসভা সমষ্টিৰ সভাপতি লাচিত চন্দ্ৰ মাউত, অগপৰ চাবুৱা সমষ্টিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ হাজৰিকা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অগপ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামী, অগপ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পুতুল সোণোৱাল, অসম মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ছায়াৰা লস্কৰ, অসম চাহ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰমোদ ভেংৰাকে প্ৰমুখ্য কৰি অগপৰ অন্যান্য বিষয়ববীয়া-কৰ্মী উপস্থিত থাকে ৷

এই অনুষ্ঠানতে শ্বহীদ পৰিয়ালৰ চাৰি গৰাকীকৈ সদস্য ক্ৰমে গোপেন বৰুৱা, গহীন চেতিয়া, নিবাৰণ গোহাঁই আৰু প্ৰভাত চেতিয়াক একোখনকৈ ফুলাম গামোছা, চেলেং চাদৰ, একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ 

লগতে পঢ়ক : চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.