AGP Meeting: অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা; অতুল বৰা - অতুল বৰা
🎬 Watch Now: Feature Video


Published : Sep 24, 2023, 10:58 PM IST
তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ : "অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা ৷ " দেওবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এই মন্তব্য প্ৰদান কৰে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই ৷ আজি মাৰ্ঘেৰিটাত উপস্থিত হয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷
উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত হোৱা এখন দলীয় কৰ্মী সভাত উপস্থিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷ বিশেষকৈ নৱ গঠিত জিলা সমষ্টিসমূহক অধিক শক্তিশালী কৰা দলৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য প্ৰদান কৰে সভাপতি অতুল বৰাই ৷ ইফালে বজালী জিলা গঠনৰ সন্দৰ্ভত কেবিনেটে গঠন কৰি দিয়া তিনিজনীয়া উপ সমিতিয়ে অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তুত থকা বুলি মত প্ৰকাশ কৰাৰ লগতে জিলাখনৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ সৈতে ১৫ দিনৰ ভিতৰত মত বিনিময় কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে অতুল বৰাই ৷