thumbnail

By

Published : Sep 8, 2022, 7:09 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

সাংসদ অজিত কুমাৰ ভূঞাৰ শ্ৰুতলিপিত AGP দল নচলে : মনোজ শইকীয়া

অসমৰ দুটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে আঞ্চলিক গণ মৰ্চা আৰু ২০১৫ চনতে গঠিত অসম সংগ্রামী মঞ্চ বুধবাৰে আনুষ্ঠানিকভাৱে একত্ৰিত হয় (Assam new regional party JDA)। জাতীয় দল অসমৰ (Jatiya Dal Assam) ঘোষণা কৰি ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত আপোচবিহীন আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তিসমূহৰ দৌৰাত্ম্য বাঢ়িছে আৰু উক্ত অভাৱ পূৰণৰ বাবে এক শক্তিশালী বিকল্প হিচাপে একত্ৰিত দলটোলে চেষ্টা আৰম্ভ কৰিব বুলি মন্তব্য কৰে অজিত ভূঞাই ৷ ইয়াৰ লগতে অগপ দলকো কটাক্ষ কৰে ভূঞাই ৷ অজিত ভূঞাৰ সেই কটাক্ষৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই । মনোজ শইকীয়াৰ মতে অজিত কুমাৰ ভূঞাই কংগ্ৰেছ দলৰ বোকোচাত উঠি ৰাজ্যসভাৰ সাংসদ হৈছে (AGP leader Manoj saikia slams Ajit Bhuyan)। 'কা' আন্দোলন (CAA protest in Assam) কৰি আটাইতকৈ লাভৱান হৈছে সাংসদ অজিত ভূঞা । তেনে এগৰাকী ব্যক্তিয়ে নিজকে এগৰাকী সাংবাদিক বুলিও পৰিচয় দিব বিচাৰে লগতে ৰাজনৈতিক ব্যক্তি বুলিও পৰিচয় দিব বিচাৰে বুলি সমালোচনা কৰে মনোজ শইকীয়াই । শইকীয়াৰ মতে প্ৰকৃততে তেওঁ কি সেইটো প্ৰথমে স্পষ্ট কৰক তাৰ পিছত আঞ্চলিকতাবাদ সন্দৰ্ভত তেওঁ আনক নীতি শিক্ষা দিয়ক । অজিত কুমাৰ ভূঞাৰ শ্ৰুতলিপিত অসম গণ পৰিষদ দল নচলে বুলিও ক্ষোভ প্ৰকাশ কৰে মনোজ শইকীয়াই । অজিত কুমাৰ ভূঞাক অঞ্চলিকতাবাদৰ জ্ঞান ল'বলৈ অসম গণ পৰিষদৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ জনালে মনোজ শইকীয়াই ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.