Merapani Border Naga Aggression: মেৰাপানী সীমান্তৰ গড়বস্তিত পুনৰ নগাৰ আগ্ৰাসন - নগাৰ আগ্ৰাসন
🎬 Watch Now: Feature Video
যোৰহাট, 6 মে’: মেৰাপানী সীমান্তৰ ডি চেক্টৰৰ গড়বস্তিত পুনৰ নগাৰ আগ্ৰাসন ৷ গড়বস্তিৰ অসমীয়া লোকৰ মাটিত গছ কাটি তহিলং কৰি নগা দুৰ্বৃত্তই ৰোপণ কৰিলে তামোল পুলি ৷ গড়বস্তিৰ গোপাল গড় নামৰ লোকজনৰ মাটিত পুনৰ বেদখল নগা দুৰ্বত্তৰ (Merapani Border Naga Aggression) ৷
২০১০ চনৰ পৰাই দুইপক্ষৰ সীমান্ত দণ্ডাধীশে জব্দ কৰি ৰখা ভূখণ্ডত গোপনে হাবি কাটি তহিলং কৰিলে নগাই ৷ উল্লেখ্য যে, গোপাল গড়ৰ পিতৃ প্ৰয়াত নন্দলাল গড়ে ১৯৬২ চনৰে পৰা ভোগদখল কৰি থকা এই মাটিত খেতি-বাতি কৰি আহিছিল ৷ ১৯৭২ চনত এই ভূমিখণ্ডকে অসম চৰকাৰে হাফ মাইল বেল্টৰ অধীনত ভূমিপট্টা প্ৰদান কৰিছিল নন্দলাল গড়ক (Naga aggression in D sector of Merapani border) ৷
ইফালে নগা দুবৃৰ্ত্তই মাটি বেদখল কৰাৰ সন্দৰ্ভত দুদিন পূৰ্বে জানিব পাৰে গোপাল গড়ৰ ভগ্নী তৰামাই গড়ে ৷ ইতিপূৰ্বে কেইবাবাৰো সীমান্তত নিয়োজিত চি আৰ পি এফ, মেৰাপানী আৰক্ষীক অভিযোগ দাখিল কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ ৷ আৰক্ষী আৰু সীমান্তত নিয়োজিত চি আৰ পি এফৰ নীৰৱ ভূমিকাক লৈ এতিয়া ক্ষুন্ন হৈ পৰিছে সীমান্তবাসী জনসাধাৰণ (Aggression again by Naga on merapani border) ৷
লগতে পঢ়ক: Naga aggression at Mariani: অসমৰ ভূমিত নগাৰ অবিৰত সন্ত্ৰাস, এইবাৰ বন ধ্বংসযজ্ঞ সীমান্তত