Acid attack: কাছাৰৰ কালাইনত এচিড আক্ৰমণৰ ঘটনা

By

Published : May 10, 2023, 4:25 PM IST

thumbnail

হাফলং,১০ মে': ৰাজ্যত পুনৰ সংঘটিত এচিড আক্ৰমণৰ ঘটনা । কাছাৰ জিলাৰ কালাইনত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা(Acid attack at Kalain in Cachar) । ঘৰৰ পৰা মাতি নি এগৰাকী ব্যক্তিৰ মুখলৈ এচিড নিক্ষেপ কৰে দুৰ্বৃত্তই । এচিড আক্ৰমণত গুৰুতৰভাৱে আহত শংকৰ দাস নামৰ লোকজন । সম্প্ৰতি SMCH ত চিকিৎসাধীন শংকৰ দাস ।  

জানিবপৰা মতে শংকৰ দাস পেছাত এজন কাঠমিস্ত্ৰী (One injured in acid attack) । ইফালে ঘটনাক লৈ কালাইন আৰক্ষী চকীত শংকৰ দাসে ৰুজু কৰিছে এটা গোচৰ । গোচৰৰ ভিত্তিক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । ভুক্তবোগী শংকৰ দাসে উল্লেখ কৰা অনুসৰি পালচাৰ বাইক লৈ তেওঁৰ দোকানত আহি ঘৰৰ কাম কৰিবলৈ প্ৰস্তাৱ দি উভতি যোৱাৰ সময়ত দুৰ্বৃতই বাইকত উঠি হঠাৎ ৰাজপথত বাইক ৰাখি শংকৰ দাসৰ ওপৰত এচিড নিক্ষেপ কৰে । তাৰ পিছত ৰাইজে দাসক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: CM security issue : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.