বাক্সাত এবছুৰ উদ্যোগত গান্ধী জয়ন্তী পালন - Gandhi Jayanti 2022
🎬 Watch Now: Feature Video
সমগ্ৰ দেশত পালন কৰা হৈছে গান্ধী জয়ন্তী (Gandhi Jayanti 2022)। অসমৰো চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গান্ধী জয়ন্তী পালন কৰিছে । প্ৰতিবছৰৰ দৰে এইবাৰো নিখিল বড়ো ছাত্ৰ সন্থাই গান্ধী জয়ন্তী পালন কৰিছে (ABSU celebrates Gandhi Jayanti)। বাক্সা জিলাৰ বৰিমাখাত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ বাক্সা জিলা সমিতিয়ে পালন কৰে গান্ধী জয়ন্তী ৷ পুৱা ৰাষ্ট্ৰীয় পতাকা আৰু এৱছুৰ পতাকা উত্তোলনৰ পাছতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে মাল্যাৰ্পণ কৰা হয় ৷ উল্লেখ্য যে, অহিংস নীতিৰে উদ্বুদ্ধ এবছুৱে প্ৰতিবছৰে পালন কৰি আহিছে গান্ধী জয়ন্তী ৷ বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে জানিবলৈ দিয়া মতে বড়ো জাতিয়ে মহামানৱ মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাস কৰে ৷ অহিংস নীতিৰে জীৱন যাপন কৰিব বিচাৰে ৷ সেই উদ্দেশ্যে এবছুৱে প্ৰতিবছৰে গান্ধী জয়ন্তী পালন কৰি আহিছে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST