Abhiruchi sports day 2023: যোৰহাট অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ - আজি অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা ওপজা দিন
🎬 Watch Now: Feature Video


Published : Sep 3, 2023, 11:08 AM IST
যোৰহাট, 3 ছেপ্টেম্বৰ : আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ 1984 চনৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা জন্ম দিৱসৰ লগত সংগতি ৰাখি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে ৷ আজি সমগ্র ৰাজ্যজুৰি পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস । অভিৰুচি দিৱসৰ লগত সংগতি ৰাখি যোৰহাট প্ৰাতঃভ্ৰমণ ক্ষেত্ৰৰ উদ্যোগত আজি ভোগেশ্বৰ বৰুৱা ওপজা দিন পালন কৰা হয় ।
যোৰহাটৰ ষ্টেডিয়াম চৌহদৰ পৰা চহৰখনৰ মাজৰে প্ৰায় তিনি কিলোমিটাৰ এক সামূহিক দৌৰ অনুষ্ঠিত কৰা হয় । এই সামূহিক দৌৰ অনুষ্ঠান মুকলি কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই । শিৱসাগৰৰ পৰা তেওঁ যোৰহাটত উপস্থিত হোৱা লগে লগে অনুষ্ঠান মুকলি কৰা হয় । আনহাতে আজি তাৰকাগৃহত ৰাজ্যখনৰ লগতে যোৰহাটৰ 100 জন বিভিন্ন ক্ষেত্ৰত সফল হোৱা খেলুৱৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব ।
লগতে পঢ়ক :India Sun Mission: আদিত্য-L1 অভিযানৰ অংশ অসমীয়া বিজ্ঞানী ঐশ্বন্যা শৰ্মা; যোৰহাটত উছৱ মুখৰ পৰিৱেশ