Interational Drama Festival : লখিমপুৰত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন - অভিনৱ আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ
🎬 Watch Now: Feature Video


Published : Oct 30, 2023, 12:18 PM IST
লখিমপুৰ, 30 অক্টোবৰ: লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল ফুলবাৰী বোকানদীৰ 1 নং মাজগাওঁৰ অভিনৱ থিয়েটাৰৰ দ্বাৰা অহা 4-9 নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে তৃতীয় অভিনৱ আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ-2023 । এই নাট সমাৰোহত নেপাল, বাংলাদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ, অসম আৰু জম্মু-কাশ্মীৰৰ নাট্য দলে বিভিন্ন ভাষাৰ নাট মঞ্চস্থ কৰিব বুলি উদ্যোক্তাসকলে জানিব দিয়ে ।
লগতে 1 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈকে শাস্ত্ৰীয় নৃত্যৰ কৰ্মশালা আৰু নাটকৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব বুলিও জানিব পৰা গৈছে । নিতৌ সন্ধিয়া 6 বজাৰ পৰা মুঠ 16 খন নাট মঞ্চস্থ কৰা হ’ব । দেশৰ আগশাৰীৰ বহুকেইজন প্ৰবীণ নাট বিশেষজ্ঞই এই নাট সমাৰোহত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব ।
নাট সমাৰোহখনিত দৰ্শকৰ প্ৰৱেশ বিনামূলীয়া হ’ব বুলি নাট সমাৰোহৰ পৰিচালক দয়াল কৃষ্ণ নাথে জনাইছে ।