thumbnail

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:05 PM IST

ETV Bharat / Videos

Barpeta News: বৰপেটাৰ একাংশ বজালীৰ সৈতে চামিল কৰাৰ বিৰোধিতা; ৰণজিৎ দাসক মাতৃহন্তা আখ্যা আছুৰ

বৰপেটা, ৩০ আগষ্ট: বৰপেটা জিলাৰ হাউলী, সৰভোগ আৰু বৰপেটা ৰোডক বজালী জিলাৰ সৈতে চামিল কৰাক লৈ বৰপেটাত অব্যাহত আছে প্ৰতিবাদ ৷ বৰপেটাৰ পাঁচআলি চ'কত আছুৱে বুধবাৰে অনুষ্ঠিত কৰে পথসভা ৷

এই সভাতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক মাতৃহন্তা আখ্যা দিয়ে ৷ বৰপেটা সত্ৰৰ সন্তান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মাতৃস্বৰূপ বৰপেটাক শিৰচ্ছেদ কৰা বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীক ISISৰ সৈতে তুলনা আছুনেতা কৃষ্ণকান্ত দাসৰ ৷

বৰপেটাৰ বিভিন্ন দল সংগঠন আৰু নাগৰিক সমাজে বৰপেটাক খণ্ডিত কৰা সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ উল্লেখ্য যে শেহতীয়া কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বজালীক পুনৰ জিলাৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ৰাজ্যত 81 খন উপ-জিলা গঠন কৰা হয় ৷ 

লগতে পঢ়ক: Flood at Jania : জনিয়াৰ বিধায়কক বিচাৰি CPI (M) নেতাৰ বিজ্ঞাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.