AASU Protest in Nalbari: পথ মেৰামতিৰ দাবীত নলবাৰীত আছুৰ পথ অৱৰোধ কাৰ্যসূচী

By

Published : Jul 21, 2023, 5:04 PM IST

thumbnail

নলবাৰী,২১ জুলাই: জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত নলবাৰীত আছুৰ পথ অৱৰোধ কাৰ্যসূচী ৷ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জুগুৰকুছি শ্ৰীপুৰ চ'কত দুটাকৈ জৰাজীৰ্ণ পথ পুনৰ মেৰামতিৰ দাবীত পশ্চিম বনভাগ আছুৱে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাজিয়াবাৰীৰ পৰা আল্লিয়া আৰু সোণামতিৰ পৰা কেহেৰুৱা সংযোগী পথৰ দুৰৱস্থাৰ বাবে জমৰ যাতনা ভোগীব লগা হৈছে ৰাইজ ৷  

অতি প্ৰয়োজনীয় পথ দুটা জৰাজীৰ্ণ হৈ থকাৰ পিচতো পথ দুটাৰ উন্নয়নত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তপক্ষই ৷ সেয়ে পথ দুটা পুনৰ নিৰ্মাণৰ দাবীত শুকুৰবাৰে জুগুৰকুছি শ্ৰীপুৰ চ'কত  ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, বিধায়ক জয়ন্ত মল্ল বৰুৱা মুর্দাবাদ, অতিশীঘ্ৰে জৰাজীৰ্ণ পথ দুটা মেৰামতি কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ 

লগতে পঢ়ক:AASU Protest in Nalbari: নলবাৰীত ছাত্ৰ সন্থাই কঁপালে ৰাজপথ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.