AASU protest in Nagaon: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত আছুৰ প্ৰতিবাদ - Electricity tariff hike in Assam
🎬 Watch Now: Feature Video
নগাঁও, 1 ফেব্ৰুৱাৰী: ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন শোধাই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল (Electricity tariff hike) ৷ এতিয়াৰে পৰা প্ৰতি ইউনিট বিদ্যুতৰ বাবদ অতিৰিক্তভাৱে 20 পাইচাকৈ বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব ৰাজ্যৰ গ্ৰাহকে ৷ APDCL ৰ এই সিদ্ধান্তৰ পাচতেই ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে চৰকাৰ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ বিৰোধী দল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আপ আদিৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থায়ো এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে (AASU protest against Assam Govt) ৷
বুধবাৰে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা । আছুৰ আহ্বানত ৰাজ্যৰ কেইবাটাও স্থানত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকল । APDCL এ বিদ্যুৎ মাচুল বৃদ্ধি কৰাক লৈ নগাঁৱতো সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰে বিক্ষোভ কাৰ্যসূচী । নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ সদস্যসকলে ৰূপায়ন কৰে চৰকাৰ আৰু APDCL ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰ বিৰোধী শ্ল’গানেৰে এই সিদ্ধান্ত শীঘ্ৰেই বাতিলৰ দাবী জনাই নগাঁও আছুৰ নেতা-কৰ্মীসকলে (AASU protest in Nagaon) ৷
ৰাইজক কিছু হ’লেও সকাহ দিয়াৰ বাবে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাই দিল্লী আৰু পঞ্জাৱত বিদ্যুতৰ মাচুল ৰেহাই দিব পাৰিলে অসম চৰকাৰে কিয় নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে (Protest against Electricity tariff hike) ।
আনহাতে, শক্তি মন্ত্ৰী নন্দিতা গার্লোচাই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে অসমত বিদ্যুৎ মাচুল হোৱা বুলি যি মন্তব্য কৰিছিল সেই মন্তব্যক হাস্যকৰ আখ্যা দিয়ে আছুৰ নেতাগৰাকীয়ে ৷ লগতে তেনে মন্তব্য এগৰাকী মন্ত্ৰীৰ মুখত শোভা নাপায় বুলিও প্ৰতিক্ৰিয়া কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ সভাপতিগৰাকীয়ে । প্ৰতিবাদস্থলীত শক্তিমন্ত্ৰীৰ বিৰুদ্ধেও বিভিন্ন শ্ল’গান দিয়া পৰিলক্ষিত হয় (Electricity tariff hike in Assam) ৷
উল্লেখ্য যে, পেট্ৰল, ডিজেলৰ লগতে চাউল, চেনি, জীৱনদায়িনী ঔষধলৈকে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ জুৰুলা কৰি তুলিছে সৰ্ব সাধাৰণ লোকক । ইয়াৰ মাজতে বৃদ্ধি হৈছে বিদ্যুৎ মাচুল । বিদ্যুৎ মাচুল বৃদ্ধিক লৈ সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠন । মঙলবাৰে গুৱাহাটীত এক সংবাদমেলত পুঁজিপতি গোষ্ঠীয়ে বিদ্যুৎ চুৰি কৰাৰ বাবেই সাধাৰণ ৰাইজে ইয়াৰ কু-ফল ভোগ কৰিব লগীয়া হৈছে বুলি জানিবলৈ দিয়ে আম আদমী পাৰ্টী অসমৰ নেতা জিতুল ডেকাই ৷
লগতে পঢ়ক: Electricity tariff hike: পুঁজিপতি গোষ্ঠীৰ বিদ্যুৎ চুৰিৰ কু-ফল ভুগিছে নেকি সাধাৰণ জনতাই