AASU Protest in Dibrugarh:মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

By

Published : Jul 14, 2023, 4:49 PM IST

thumbnail

ডিব্ৰুগড়,14 জুলাই: খাদ্য সামগ্ৰী সন্মুখত লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ ৷ ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থতাৰ অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই ৷ ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সন্থাৰ কৰ্মীয়ে । 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে চূড়ান্তভাৱে ব্যৰ্থতা হোৱাৰ অভিযোগ তুলি মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী জনাই আছুৱে । ‘‘বণিয়াৰ হাতত বিক্ৰী গৈছে হিমন্ত চৰকাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কথা স্বীকাৰ কৰাটো এক দুৰ্ভাগ্যৰ কথা ৷ অসাধু ব্যৱসায়ীক নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ চৰকাৰ ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী ছাত্ৰ নেতাৰ ৷

লগতে পঢ়ক:Protest in Dibrugarh: প্ৰতিবাদত কঁপিল ডিব্ৰুগড়   

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.