AASU protest in Hojai:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ অনশন - অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 8, 2023, 3:53 PM IST

হোজাই, ৮ আগষ্ট: সদৌ হোজাই জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰী,ৰন্ধন গেছ,বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে হোজাই জিলাৰ লংকাত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হোজাই জিলা আছুৰ সভাপতি দেৱজিৎ ডেকাৰ নেতৃত্বত অনশনকাৰীয়ে ১০ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ আছে শুই, ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক আৰু বিদুৎৰ মাচুল হ্ৰাস কৰক আদি শ্লোগানেৰে লংকাৰ ৰাজপথৰ কাষৰ বহি প্ৰতিবাদ জনায় ।

এই অনশন কাৰ্যসূচীৰ নেতৃত্ব লৈ হোজাই জিলা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ ডেকাই কয় যে অত্যাবশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে । বৰ্তমানৰ অসম চৰকাৰে আঁচনি ঘোষণা কৰাত ব্যস্ত আছে,কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে । বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে বুলি তেওঁ কটাক্ষ কৰে । তেওঁ পুনৰ কয় যে চৰকাৰে ইয়াৰ বিপক্ষে পদক্ষেপ গ্ৰহণ কৰিব লাগে ।

জিলা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ ডেকাই কয় যে বৰ্তমান চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল ৷ কিন্তু তেনে সময়তে যোগান মন্ত্রীয়ে নিজ কেম্পাছত খেতি কৰি ৰাইজক ফেচবুকত যি ফটো দেখুৱাই থাকে তেওঁ যে সম্পূৰ্ণৰূপে ব্যৰ্থ মন্ত্রী সেয়া তাৰেই প্ৰমাণ ।  

লগতে পঢ়ক:AASU Protest in Lakhimpur: মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত আছুৰ অনশন কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.