AASU protest against price hike: যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী তুলি যোৰহাটত আছুৰ বিক্ষোভ
🎬 Watch Now: Feature Video
যোৰহাট, 25 এপ্ৰিল : সমগ্ৰ দেশ তথা অসমত অস্বাভাৱিক হাৰত নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধৰণ জনতাক কোঙা কৰি পেলাইছে । আনহাতে বৰ্ধিত মাচুল আৰু টোল গেটৰ কৰৰ মূল্য বৃদ্ধিয়ে বৰ্তমান নিম্ন আৰু মধ্যবিত্ত ৰাইজৰ চিন্তা অধিক বৃদ্ধি কৰিছে । সেয়েহে আজি যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ, বিদ্যুৎ মাচুল আৰু টোল গেটৰ কৰ ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি হৈ থকাৰ প্ৰতিবাদত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest against price hike)। উক্ত প্ৰতিবাদস্থলীৰ পৰাই জিলা ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰক সকিয়াই দি কয় যে শীঘ্ৰে যদি এনে হঠকাৰী পদক্ষেপ বা সিদ্ধান্ত বাতিল নকৰে তেতিয়া হ’লে ৰাইজক লগত লৈ চৰকাৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ।
লগতে পঢ়ক : Fire in Guwahati: মহানগৰীৰ প্ৰাগজ্যোতিষ হাউছিং কমপ্লেক্সত অগ্নিকাণ্ড