AASU protest against power crisis:নাহৰকটীয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা
🎬 Watch Now: Feature Video


Published : Sep 7, 2023, 5:25 PM IST
নাহৰকটীয়া, ৭ ছেপ্টেম্বৰ : বিদ্যুতৰ অত্যাধিক মাচুল বৃদ্ধি, সঘনাই লোড শ্বেডিং আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত শক্তি বিভাগৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে নাহৰকটীয়া আৰু নামৰূপত শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।
নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৃথকে পৃথকে শতাধিক প্ৰতিবাদকাৰীয়ে নাহৰকটীয়া বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয় আৰু নামৰূপ তাপ বিদ্যুৎ প্ৰকল্প ঘেৰাও কৰি শক্তি বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।প্ৰতিবাদীসকলে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকাও দাহ কৰে ৷ ২৪ ঘন্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰে উৎকট গৰমে দহি থকা ৰাজ্যবাসীক শীঘ্ৰেই নিয়মীয়াকৈ বিদ্যুৎ যোগান নধৰিলে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদী আছুকৰ্মী সকলে ।
লগতে পঢ়ক : Power crisis in Dhemaji :ধেমাজিত নিয়মীয়া বিদ্য়ুৎ যোগানৰ দাবীত আছুৰ বিক্ষোভ