AASU protest: বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ধেমাজিত আছুৰ বিক্ষোভ - ধেমাজিত আছুৰ বিক্ষোভ
🎬 Watch Now: Feature Video
ধেমাজি, 1 ফেব্ৰুৱাৰী: "মহামাৰীয়ে দুটাকৈ বছৰ ৰাজ্যবাসীক জুৰুলা কৰি যোৱাৰ পিচত জনসাধাৰণে এতিয়াও নিজকে সবল কৰিব পৰা নাই ৷ ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বিদ্যুৎ বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে ৷ আমাক উন্নয়ন লাগে, কিন্তু জনজীৱনক স্থৱিৰ কৰি কৰা উন্নয়নৰ আমাক প্ৰয়োজন নাই ৷ তাৰ বাবে আমি আজি প্ৰতিবাদস্থলীৰ পৰাই আহ্বান জনাইছো যে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা যি সিদ্ধান্ত তাক পৰিহাৰ কৰক ৷ অন্যথা ইয়াতকৈ জংগী আন্দোলন হ'ব ৷" বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ধেমাজিত আছুৰ বিক্ষোভ কাৰ্যসূচীত এই মন্তব্য প্ৰকাশ কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে (President Sanjib Das) ৷
ৰাজ্যবাসীৰ মূৰত পুনৰ মাধমাৰ এপিডিচিএলৰ ৷ নতুন বৰ্ষত দুবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত বিদ্যুতত ৫০ পইছা বৃদ্ধি কৰি বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বিদ্যুৎ বিভাগে (APDCL hiked electricity charges)। ইয়াৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (protest against electricity tariff hike in Dhemaji) ৷
বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ প্ৰতিবাদত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিত আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest against electricity tariff hike) ৷ বুধবাৰে ধেমাজি সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ উদ্যানৰ সন্মুখত আৰু ধেমাজি নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখযোগ্য যে APDCLৰ ঘাটি বাজেট পুৰ কৰিবলৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (APDCL hikes power tariff) ৷ 2022 বৰ্ষত এই বাজেট পুৰ কৰিবলৈকে চাৰিবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছিল বিভাগটোৱে (APDCL hiked electricity charges)।
যি সময়ত দেশৰ বিভিন্ন ৰাজ্যত বিদ্যুতৰ মাচুল বিনামূলীয়া কৰিছে তেনে সময়ত অসম চৰকাৰৰ বিদ্যুৎ বিভাগে অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা সিদ্ধান্তই সমস্যাত পেলাইছে সাধাৰণ ৰাইজক ৷ উল্লেখ্য যে চলিত বৰ্ষত নতুন বছৰৰ প্ৰাকমুহূৰ্তত শক্তি বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল ৷
লগতে পঢ়ক: Elephant Died at Dipor Bil : সন্তানক হেৰুৱাই দীপৰ বিলত কৰুণ মৃত্যু মমতাময়ী হস্তীৰ