30th October Serial Blast : 30 অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকললৈ সোণাৰিত শ্ৰদ্ধাঞ্জলি আছুৰ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 30 অক্টোবৰ : 2008 চনৰ 30 অক্টোবৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম ৷ 30 অক্টোবৰৰ দিনটো আহিলেই বুকু কঁপি উঠে অসমবাসীৰ ৷ গুৱাহাটী মহানগৰীৰ গনেশগুৰিৰ লগতে বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁৱত সেই দিনটোত হোৱা ধাৰাবাহিক বিস্ফোৰণত বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে আজি বহুতেই পংগুত্বৰ জীৱন কটাব লগা হৈছে ৷
সন্ত্ৰাসবাদৰ বিৰোধিতাৰে 30 অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ সোণাৰিত শ্ৰদ্ধাঞ্জলি জনালে আছুৱে ৷ চৰাইদেউ জিলাৰ সোণাৰিত সন্ধিয়া সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই বন্তি প্ৰজ্বলন কৰি নিহত সকলক শ্ৰদ্ধাঞ্জলি জনায় ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায় আছু কৰ্মী সকলে ৷
লগতে পঢ়ক : 30th October Serial Blast : অভিশপ্ত 30 অক্টোবৰ : ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি