আছু ত্যাগ কৰিব নেকি ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই !
🎬 Watch Now: Feature Video
মৰিগাঁও, 22 নৱেম্বৰ : আছু ত্যাগ কৰি সক্ৰিয় ৰাজনীতিত খোজ দিব নেকি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ! মৰিগাঁৱত অনুষ্ঠিত আছুৰ অধিৱেশনতে ভট্টাচাৰ্যই আছু ত্যাগৰ সিদ্ধান্ত ল’ব নেকি ! আছু নেতাৰ বয়সৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল’ব ! সেই সমূহ বিষয় চৰ্চাৰ মাজতে মঙলবাৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কাম কৰি যাম ৷
আছু ত্যাগ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আছুৰ নেতাগৰাকীয়ে কয়, ‘‘আছুৱে যেনেদৰে বিচাৰে তেনেদৰে থাকি মই অসমৰ হৈ কাম কৰি যাম ৷ আছুত মই মাত্ৰ এটা ধূলিকণা ৷ আমি ককাই ভাইৰ দৰে আছো আৰু থাকিম ৷ আমাৰ দুটা পৰিয়াল ৷ এটা পিতৃ-মাতৃ আনটো আছু ৷ শেষ নিশ্বাস থকা লৈকে আছুৰ বাবে মই কাম কৰিম ৷’’
মঙলবাৰে নিশা মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত আছুৰ বৰ্তমানৰ সমিতিৰ শেষৰখন কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পাচতে সাংবাদিকৰ আগত এই মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷
লগতে পঢ়ক:কি বিশেষ ঘোষণা হ’ব আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনা!