AASU Protest at Diphu: ডিফুত আছুৰ বিক্ষোভ কাৰ্যসূচী - AASU Protest at Diphu

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 15, 2023, 9:44 PM IST

ডিফু, 14 জুন : চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত বাতিলৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যন্য প্ৰান্তৰ লগতে ডিফুতো কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মুখত এঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী ছাত্ৰ কৰ্মীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, আছু লং লীভ , অসম চৰকাৰ হায় হায় আদি শ্লʼগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চৰ্জোন হাঞ্চে, কাৰ্বি আংলং জিলা সমিতিৰ সভাপতিৰ দিপজ্যোতি দাস, উপ-সভাপতি মুকুল হাজৰিকা, সহকাৰী সম্পাদক লাভলীৱেল ইংতি কাথাৰকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় সহকাৰী সম্পাদক চৰ্জোন হাঞ্চেই কয় যে, চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত কোনো পধ্যেই মানি লোৱা নহ’ব ৷ চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৱে সকলো জাতি-জনগোষ্ঠীৰে আলোচনাৰ পিছত এমাহযোৰা আন্দোলন ঘোষণা কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত আন্দোলন নাই বুলি কয় ৷ গতিকে মুখ্যমন্ত্ৰীৰ চকু নিশ্চয় বেয়া হৈছে, সেয়ে তেওঁক নেপালত চকু চিকিৎসা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক: Medium movement:মাধ্যম বিতৰ্কক লৈ AASUৰ প্ৰতিবাদত কঁপিল বৰপেটা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.