AASU Central Rangali Festival: ডিব্ৰুগড় চৌকিডিংগী খেলপথাৰত আছুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ

By

Published : Apr 30, 2023, 12:48 AM IST

thumbnail

ডিব্ৰুগড়, 29 এপ্ৰিল : শনিবাৰৰ পৰা চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱ‌ (AASU Central Rangali Festival) । আছুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱৰ বৰ্ণিল শোভাযাত্ৰাৰ উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াই ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি তনুজ হালৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা আৰু বিহু উদযাপন সমিতিৰ সভাপতি কিশোৰ বৰাই বিহুৰ পতাকা উত্তোলন কৰে ৷ শ্বহীদ তৰ্পন কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাপু শইকীয়া, উপদেষ্টা খগেন দত্ত আৰু ৰূপজ্যোতি বৰঠাকুৰে ।

ইয়াৰ পিছতে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই শুভাৰম্ভ কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । চৌকিডিংগী খেলপথাৰৰ পৰা বাহিৰ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে অসমীয়া ছবি জগতৰ বহুকেইজন কলা-কুশলীয়েও অংশগ্ৰহণ কৰে । 

উল্লেখযোগ্য যে, এইবাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা 'ডিব্ৰু সন্মান' প্ৰদান কৰা হ'ব অসম গৌৰৱ সংগীত শিল্পী অনুৰাগ শইকীয়াক । প্ৰথমবাৰলৈ প্ৰথম বিজয়ী বিহুৱতীক 'শ্ৰেষ্ঠ চৌকিডিংগী বৰ বিহুৱতী' নামাকৰণেৰে সন্মানিত কৰা হ'ব আছুৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত । প্ৰথম বিজয়ী হুঁচৰি দলক 'শ্ৰেষ্ঠ শ্ৰীলুইত হুঁচৰি দল' অভিধাৰে প্ৰদান কৰা হ'ব বিজয়ৰ খিতাপ (Rangali bihu Festival at chowkidingee) । 

লগতে পঢ়ক : Ambubachi mela 2023: অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.