Powerloom Gamosa:ডিব্ৰুগড়ত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে আছুৰ অভিযান - ডিব্ৰুগড়ত পাৱাৰলুমৰ গামোচাৰ ৰমৰমীয়া ব্যৱসায়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 27, 2023, 3:17 PM IST

মৰাণ, ২৭ জুলাই: কেইমাহমান পূৰ্বে অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI টেগ । ইয়াৰ পাছতে উৎফুল্লিত হৈ পৰিল প্ৰতিগৰাকী অসমীয়া । লগে লগে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ৰাজ্যত কোনোৱে বিক্ৰী কৰিব নোৱাৰিব বহিঃৰাজ্যত প্ৰস্তুত কৰা পাৱাৰলুমৰ গামোচা । কিন্তু ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পাছতো ডিব্ৰুগড়ত পাৱাৰলুমৰ গামোচাৰ ৰমৰমীয়া ব্যৱসায় চলাইছে অসাধু ব্যৱসায়ীয়ে । বুধবাৰে নিশা ডিব্ৰুগড়ত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই চলালে অভিযান ।

অসমীয়াৰ স্বাভিমান ফুলাম গামোচাই আন্তঃৰাষ্ট্ৰীয় জি আই টেগৰ স্বীকৃতি লাভ কৰা সময়তে ডিব্ৰুগড় চহৰৰ একাংশ অসাধু ব্যৱসায় প্ৰতিষ্ঠানে মুকলিকৈ বিক্ৰী কৰিছে পাৱাৰলুমৰ গামোচা । কালি চহৰখনৰ নতুন বজাৰত অভিযান চলাই সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ দলটোৱে ২৮ খনকৈ পাৱাৰলুমৰ গামোচা জব্দ কৰিবলৈ সক্ষম হয় ।

এছ এন নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ পৰা আছুৱে গামোচাখিনি জব্দ কৰি ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে‌ । লগতে জিলা প্ৰশাসনৰ চকুৰ সন্মুখতেই ডিব্ৰুগড়ত অসাধু ব্যৱসায়ীয়ে পাৱাৰলুমৰ গামোচা বিক্ৰী কৰি থকাক লৈ ক্ষোভ প্ৰকাশ কৰে আছু কৰ্মীসকলে । আছুই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে।

লগতে পঢ়ক:Tribute to Umakanta Bairagi: খোৱাঙত টোকাৰী গীতৰ সম্ৰাটলৈ শ্ৰদ্ধাঞ্জলি দল সংগঠনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.