Scam in embankment construction:জীয়াঢলৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ আছুৰ - জীয়াঢলৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ আছুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-06-2023/640-480-18776109-thumbnail-16x9-dhm-aspera.jpg)
ধেমাজি, ১৭ জুন:ধেমাজি জিলাৰ কুমটীয়া মথাউৰি নিৰ্মাণৰ নামত ব্যাপক অনিয়ম, দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আছুৱে । আছুৰ এটা সঁজাতী দলে শনিবাৰে নৱনিৰ্মিত বিদ্ধস্ত মথাউৰিটো পৰিদৰ্শন কৰে ৷ বাৰিষা এজাক বৰষুণতে চপৰা চপৰে খহিছে নৱনিৰ্মিত জীয়াঢলৰ মথাউৰি ।
কালি ধেমাজিৰ জীয়াঢলৰ কুমটীয়া সোঁপাৰৰ মথাউৰি পৰিদৰ্শন কৰি ধেমাজি জিলা আছুৰ এটা সঁজাতী দলে সংশ্লিষ্ট বিভাগৰ ঠিকাদাৰ আৰু বিষয়াই বাৰিষাৰ সময়ত বালি মাটিৰে মথাউৰি নিৰ্মাণ কৰি ব্যাপক দুনীৰ্তিৰে লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷
আছুই মথাউৰি নিৰ্মাণত জড়িত ঠিকাদাৰ,বিষয়াক উচিত শাস্তিৰ দাবী জনাইছে ৷ উল্লেখ্য যে, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোৰথালীলৈকে নিৰ্মাণ কৰা ৯ কিলোমিটাৰ দৈৰ্ঘৰ জীয়াঢল নদীৰ কুমটীয়া সোঁপাৰৰ মথাউৰিটো সম্প্ৰতি বিধৱস্ত হৈ পৰিছে ৷
লগতে পঢ়ক:Rangia News: ৰঙিয়াত নিম্নমানৰ নিৰ্মাণকাৰ্য চলোৱাৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে