thumbnail

By

Published : Feb 2, 2023, 7:08 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

ETV Bharat / Videos

Jorhat Majuli Ferry Services : ফেৰীসেৱাৰ ভাৰা বৃদ্ধিৰ প্ৰতিবাদ আছু, যুৱ ছাত্র পৰিষদৰ

যোৰহাট, ২ ফেব্ৰুৱাৰী : যোৰহাট-মাজুলী ফেৰীসেৱাৰ ভাৰা বৃদ্ধিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জিতু নেওগে (fare price hike of Majuli Jorhat ferry services) । উল্লেখ্য, বিভিন্ন দল-সংগঠন, সাধাৰণ ৰাইজৰ দাবীক ভেঙুচালি কৰি ১ ফেব্ৰুৱাৰীৰ পৰা মাজুলী আৰু যোৰহাট সংযোগী পাৰঘাটৰ ফেৰীৰ ভাৰা এশ শতাংশ বৃদ্ধিৰ কৰিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে (inland water transport department Assam) ।

ফলত মাজুলী আৰু যোৰহাটবাসীক মাধমাৰ শোধাই যাত্ৰীবাহী ফেৰীসেৱাৰ ভাৰা বৃদ্ধিক লৈ এইবাৰ জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা (AJYCP slammed ferry fair hike in Majuli) । সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জিতু নেওগে চৰকাৰৰ ভাৰা বৃদ্ধিৰ এই সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত আখ্যা দিয়ে । আনহাতে, অনতি পলমে এই ভাৰা বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈও আহ্বান জনাইছে (AASU reacted on ferry fair price hike) ।

আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে মাজুলীৰ ফেৰী ভাৰা বৃদ্ধিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে । উল্লেখ্য যে ৩১ জানুৱাৰী পৰ্যন্ত এই ফেৰীসেৱাৰ বাবে এজন যাত্ৰীৰ ভাৰা আছিল ১০ টকা । কিন্তু নতুন ভাৰাৰ নিৰিখ মতে ১ ফেব্ৰুৱাৰীৰ পৰাৰ এই ভাৰা হৈছে ২০ টকা । আনহাতে, প্ৰতিকুইণ্টল সামগ্ৰী পাৰাপাৰ কৰাৰ ক্ষেত্ৰত পূৰ্বতে ভাৰা আদায় কৰিছিল ১০ টকা । কিন্তু ১ ফেব্ৰুৱাৰীৰ পৰা প্ৰতি কুইণ্টল সামগ্ৰীৰ ভাৰা ১০০ টকা ধাৰ্য কৰা হৈছে ।

ঠিক একেদৰে দুচকীয়া, চাৰিচকীয়া বাহনৰো এশ শতাংশ ভাৰা বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে । ইফালে ফেৰীসেৱাৰ ভাৰা বৃদ্ধি হোৱাৰ লগে লগে যোৰহাট আৰু মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ বোজা পৰাত ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এনে অবিবেচক সিদ্ধান্তৰ বাবে সৰ্বস্তৰৰ ৰাইজে ৰাজ্য চৰকাৰক ধিক্কাৰ প্ৰদান কৰিছে ।

পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীৰ এনে একপক্ষীয় সিদ্ধান্তই অনাগত সময়ত চৰকাৰ ওপৰত যে নেতিবাচক প্ৰভাৱ পেলাব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰা বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে । 

লগতে পঢ়ক :Sahitya Sabha Controversy: সাহিত্য সভাৰ মাজতে লখিমপুৰত আদৰণি সমিতিৰ সভাপতিৰ পুত্তলিকা দাহ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.