AASU adviser Prakash Das: বদৰুদ্দিন আজমলৰ মন্তব্যক গৰিহণা আছুৰ উপদেষ্টা প্ৰকাশ দাসৰ - বদৰুদ্দিন আজমল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 15, 2023, 7:32 AM IST

ৰঙিয়া, 15 জুলাই: এ আই ইউ ডি এফৰ নেতা তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসে ৷  তেওঁ কয় যে বদৰুদ্দিন আজমলৰ দৰে এজন নেতাই এনেধৰণৰ মন্তব্য কৰাটো শোভা নাপায় ৷  

ৰাজনৈতিক লাভালাভৰ বাবে অসমীয়া সমাজখন এনেদৰে ভাগ-ভাগ কৰিবলৈ চেষ্টা কৰাটো অনুচিত বুলি কয় আছু নেতাজনে ৷ শান্তিপ্ৰিয় সমাজখনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই নিদিবলৈ বদৰুদ্দিন আজমলক সকিয়নী প্ৰদান কৰে আছুৰ নেতা গৰাকীয়ে ৷ লগতে সাতামপুৰুষীয়া একতা বজাই ৰাখি এনেধৰণৰ সাম্প্ৰদায়িক কথাবোৰ অসমীয়া ৰাইজক আওকাণ কৰিবলৈ অসমীয়া ৰাইজক অনুৰোধ কৰে নেতাগৰাকীয়ে ৷ 

লগতে পঢ়ক: AASU protest against price hike in Jorhat: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক, ৰাজ্যজুৰি আছুৰ বিক্ষোভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.