AASAA protest : জনজাতিকৰণৰ দাবীত মুছলপুৰত আছাৰ প্ৰতিবাদ - জনজাতিকৰণৰ দাবীত মুছলপুৰত আছাৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 23, 2023, 6:24 PM IST

বাক্সা, ২৩ মে': জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি ৰাজ্যৰ আদিবাসী লোকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে (AASAA protest demanding ST stats)। ইতিমধ্যে আদিবাসী কেইবাটাও সংগঠনে চৰকাৰৰ লগত শান্তি আলোচনাৰ জৰিয়তে মূলসুঁতিলৈ ঘূৰি আহিছে । কিন্তু এতিয়ালৈ তেওঁলোকৰ দাবী পূৰণ হোৱা নাই । যাৰ বাবে মঙলবাৰে ৰাজ্যজুৰি জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।  

বাক্সা জিলাৰ সদৰ মুছলপুৰতো আদিবাসী ছাত্ৰ সন্থাই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AASAA protest in Baksa)। চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৱে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিয়ে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈ সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল । আহি থকা লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত যদিহে আদিবাসীসকলক জনজাতিকৰণ নকৰে তেনেহ'লে জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:Protest in Dhemaji : ধেমাজি সমাজ কল্যাণ বিষয়া কাৰ্যালয়ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বিক্ষোভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.