মাহমৰা সমষ্টিত আপৰ নিৰ্বাচনী ৰণডংকা

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:11 PM IST

thumbnail

চৰাইদেউ,৯ ডিচেম্বৰ: লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ মাজত । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কামকাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসক দল বিজেপিয়ে ১২ টা লোকসভাত আসন লাভ কৰাৰ দাবী উত্থাপন কৰি সমষ্টিয়ে সমষ্টিয়ে দলীয় সভা, যোগদান কাৰ্যসূচী আদি অনুষ্ঠিত কৰিছে ।  

ইয়াৰ সমান্তৰালভাৱে বিৰোধী ঐক্যত চামিল হোৱা আপ, অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিব খোজা কেইবাটাও সমষ্টিত চলাইছে ৰাজনৈতিক কুচ-কাৱাজ । শনিবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত চেপন আৰু ডোমৰদলং গাঁও পঞ্চায়তৰ প্ৰায় দুই শতাধিক লোকে আম আদমী পাৰ্টিত যোগদান কৰে । এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ উপ-সভাপতি মনোজ ধানোৱাৰ । উল্লেখযোগ্য যে আপ অসমে গাঁও যাত্ৰা কাৰ্যসূচীৰ জড়িয়তে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: একত্ৰীকৰণৰ নামত পুনৰ বন্ধ হ’ব ৰাজ্যৰ পাঁচ শতাধিক প্ৰাথমিক বিদ্যালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.