Supari Syndicate controversy:মুখ্যমন্ত্ৰীয়ে অভিযুক্ত জিতুমণিক ৰক্ষণাবেক্ষণ দিছে:আপ - অভিযুক্ত জিতুমণিক ৰক্ষণাবেক্ষণ দিছে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 29, 2023, 5:59 PM IST

গুৱাহাটী, ২৯ জুলাই:চুপাৰি ছিণ্ডিকেটত অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে । শনিবাৰে ই টি ভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত আপৰ ৰাজ্যিক নেতা হেমন্ত ফুকনে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

তেওঁ কয় যে অসমত ছিণ্ডিকেটৰাজ সমাপ্ত কৰিব বুলি ওফাইদাং মৰা মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই এই কাম কেতিয়াও বন্ধ কৰিব নোৱাৰে । তেওঁ কয় যে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক হিচাপে পৰিচিত জিতুমণি দাসক ডিফু আৰক্ষীয়ে আটক কৰি সোধ-পোছ কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ হস্তক্ষেপতে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে ।  

আপৰ ৰাজ্যিক নেতা হেমন্ত ফুকনে পুনৰ কয় যে মুখ্যমন্ত্ৰীয়েও বঙাইগাঁৱৰ এছ পি সম্মিলনত দাসৰ পক্ষত ৰাজহুৱাকৈ মন্তব্য কৰিছে । তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে ছিণ্ডিকেটৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰাৰ হুংকাৰ দিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মেকুৰীৰ দৰে অভিযুক্তক থানাৰ পৰা উলিয়াই লৈ গ'ল । তেওঁ কয় যে অসমৰ পৰা ছিণ্ডিকেট নোহোৱা কৰিবলৈ বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ বাদে অসমবাসীৰ ওচৰত আন কোনো বিকল্প নাই ।

লগতে পঢ়ক:BJP National Secretary: সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.