AANLA militants surrendered: বোকাজানত সশস্ত্ৰ সংগঠন আনলাৰ ১৩ জনকৈ সদস্যৰ অস্ত্ৰ সম্বৰণ - কাৰ্বি শান্তি চুক্তি
🎬 Watch Now: Feature Video
কাৰ্বি শান্তি চুক্তিৰ(Karbi Anglong Peace Accord) জৰিয়তে কাৰ্বি আংলং জিলাৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন মূল সূঁতিলৈ ঘূৰি অহাৰ পাছত দেওবাৰে বোকাজানত আনলাৰ ১৩ জনকৈ সদস্যই আৰক্ষীৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতিলৈ ঘূৰি আহে (AANLA militants surrendered at Bokajan)৷ অসম আৰক্ষীৰ DIG সত্যৰাজ হাজৰিকা, কাৰ্বি আংলং আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু অসম ৰাইফলচ ব্ৰিগেদিয়াৰ শশীন্দৰ তিৱাৰীৰ উপস্থিতত অস্ত্ৰ সম্বৰণ কৰে সংগঠনটোৰ সদস্যকেইজনে । কাৰ্বি আংলং আৰক্ষী আৰু অসম ৰাইফলচ সহযোগত বিদ্ৰোহী সংগঠনটোক(All Adivasi National Liberation Army) মূলসুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হয় । ২০১২ চনতে উগ্ৰপন্থী সংগঠনটোৱে আত্মসমৰ্পণ কৰিছিল যদিও তাৰে এটা দল ভাগ হৈ পৰিছিল । আত্মসমৰ্পণ কৰা লোককেইজনে ৪ টা AK-47, ৫ টা পিষ্টল আৰু ৩৬ টা সজীৱ গুলী জমা দিয়ে ।
Last Updated : Feb 3, 2023, 8:23 PM IST