Erosion in Biswanath: বিশ্বনাথ পানপুৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধৰ দাবী আমছুৰ - Erosion of Brahmaputra in Biswanathghat
🎬 Watch Now: Feature Video
বিশ্বনাথ, ২১ জুন: ৰাজ্য়ৰ বিভিন্ন ঠাইত এতিয়া চলিছে খহনীয়াৰ তাণ্ডৱ । আন ঠাইৰ দৰে বিশ্বনাথঘাট-পানপুৰ মথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । ব্ৰহ্মপুত্ৰই চপৰা চপৰে খহাইছে মাটি । ইতিমধ্যে বহু ভৰপূৰ গাঁও ব্ৰহ্মপুত্ৰই গ্ৰাস কৰাৰ পিচত বিগত কেইদিনমান নেৰানেপেৰা বৰষুণ দিয়াৰ ফলত বিশ্বনাথৰ কুমলীয়াৰ জুলাপাৰা, চতিয়াৰ শিঙিমাৰিত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি নৈ পৰীয়া ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ।
মঙলবাৰে বিশ্বনাথ পানপুৰ মথাউৰিৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সৰকাৰৰ বিৰুদ্ধে । আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে মন্ত্ৰী পীযুষ হাজৰিকা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হোৱাৰ পিচতো এই সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰা নাই । চৰকাৰে কাজিৰঙা ষষ্ঠ সংযোজনৰ আজিলৈকে সীমা নিৰ্দ্ধাৰণ নকৰা বিষয়টোত আক্ষেপ প্ৰকাশ কৰি কয় যেএই কাম সমূহ চৰকাৰে অতি শীঘ্ৰে সমাধান নকৰিলে আন্দোলন তীব্ৰ তৰ কৰিব বুলি আমছুই সকীয়াই দিয়ে ।
লগতে পঢ়ক:International Yoga Day: দেশজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন