Aadhar Card recover in river: ডাকঘৰৰ মোহৰ মৰা বস্তাত ওলাল হাজাৰ হাজাৰ আধাৰ কাৰ্ড

By

Published : Feb 7, 2023, 10:22 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ডবকা,৭ ফ্ৰেব্ৰুৱাৰী: বৰ্তমান সময়ত জনজীৱনৰ এক এৰাব নোৱাৰা সম্পৰ্ক গঢ়ি উঠিছে আধাৰ কাৰ্ডৰ সৈতে । দেখিবলৈ পোৱা গৈছে যে ৰাজ্য চৰকাৰে বেংকৰ পৰা আৰম্ভ কৰি স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড সমূহ ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগত লিংক কৰাটো বাধ্যতামূলক কৰিছে । তেনে সময়তে আধাৰ কাৰ্ড বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে(Aadhaar card problem in Assam) । 

ইফালে আধাৰ কাৰ্ড বনোৱাৰ নামত হাৰাশাস্তি আছেই । ইমানৰ পাছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এতিয়াও লাভ কৰা নিজৰ অতি প্ৰয়োজনীয় আধাৰ কাৰ্ডখন । কোনো প্ৰান্তত যদি চৰকাৰী কৰ্মচাৰীৰ গাফিলতি, আকৌ আন কোনো প্ৰান্তত পিয়নৰ হেমাহিৰ বাবে লাভ নকৰে আধাৰ কাৰ্ড । ইয়াৰ মাজতে ডবকাত উন্মোচিত হৈছে এক ভয়ংকৰ তথ্য(Aadhar card recovered) । মঙলবাৰে নগাঁও জিলাৰ ডবকাৰ পুৰনা বজাৰৰ যমুনা নৈৰ দলঙৰ নিচেই কাষতেই নৈৰ দাতিত উদ্ধাৰ হয় কেইবা হাজাৰ আধাৰ কাৰ্ড(Aadhaar card recovered in Yamuna river in Dobka) ৷ 

পৰিত্যক্ত অৱস্থাত আধাৰ কাৰ্ডৰ বস্তাসমূহ স্থানীয় লোকে প্ৰত্যেক্ষ কৰি খবৰ দিয়ে ডবকা আৰক্ষীক ৷ কেৱল আধাৰ কাৰ্ডেই নহয় অন্যান্য নথি পত্ৰৰ লগতে কেউবাটাও ডাকঘৰৰ মোহৰ মৰা বস্তাও উদ্ধাৰ হয় যমুনা নৈৰ দাতিত(Aadhar Card recover in river) ৷ খবৰ পোৱাৰ মাত্ৰই ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আধাৰ কাৰ্ডৰ লগতে বস্তাসমূহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ 

ডাকঘৰৰ কৰ্মচাৰীয়ে আধাৰ কাৰ্ডসমূহ সময়মতে ৰাইজক বিলোৱাৰ পৰিবৰ্তে এনেদৰে নৈত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ সমগ্ৰ ঘটনাৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, কেইটামান মাহ পূৰ্বে ধুবুৰীতো সংঘটিত হৈছিল অনুৰূপ ঘটনা । বিতৰণ নকৰাকৈয়ে ডাক বিভাগৰ কৰ্মচাৰীয়ে পেলাই দিছিল বস্তা ভৰ্তি আধাৰ কাৰ্ড । 

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, এনেকৈ চৰকাৰৰ পৰা দৰমহা লৈ নিজৰ কামৰ প্ৰতি কিয় অৱহেলা কৰে চৰকাৰী কৰ্মচাৰীসকলে ? সাধাৰণ ৰাইজৰ কষ্টক মূল্য দিব নজনা, প্ৰাপ্যৰ পৰা বঞ্চিত কৰা এনে কৰ্মচাৰীসকলৰ বিৰুদ্ধে কিবা ব্য়ৱস্থা গ্ৰহণ কৰিবনে বিভাগীয় কৰ্তৃপক্ষই ? সেয়া সময়ত লক্ষণীয় হ'ব । 

লগতে পঢ়ক: Attempts to molest women: মহানগৰীত স্কুটীত অহা যুৱকৰ টাৰ্গেট অকলশৰীয়া যুৱতী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.