মাজুলীত চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ - Govt cheated six communities of Assam
🎬 Watch Now: Feature Video

পুনৰ অসমৰ ৬ জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰিলে (Govt cheated six communities of Assam)। কেন্দ্ৰীয় চৰকাৰে কেবিনেটত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে (Union Cabinet led PM Modi granted ST)। ৬ জনগোষ্ঠীকে ধৰি বহু দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে । এই ৬ জনগোষ্ঠীৰ অন্যতম চুতীয়াসকলৰ বিভিন্ন সংগঠনেও চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ইয়াৰে প্ৰতিবাদত উত্তাল হৈ পৰে সত্ৰ নগৰী মাজুলী (AACSU protest in Majuli)। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জুমুঠি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া ছাত্র সন্থাৰ মাজুলী জিলা সমিতিয়ে ।উজনি মাজুলীৰ নতুন বজাৰত বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত সংগঠনটোৰ অৰ্ধ শতাধিক সদস্যই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ চুতীয়া জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
Last Updated : Feb 3, 2023, 8:28 PM IST