জনজাতিকৰণৰ নামত প্ৰতাৰণা, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ চুতীয়া ছাত্ৰ সন্থাৰ - জনজাতিকৰণৰ প্ৰতাৰণা
🎬 Watch Now: Feature Video
পুনৰ অসমৰ ৬ জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰিলে (Govt cheated six communities of Assam)। কেন্দ্ৰীয় চৰকাৰে কেবিনেটত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে (Union Cabinet led PM Modi granted ST)। লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৬ জনগোষ্ঠীকে ধৰি বহু দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে । ৬ জনগোষ্ঠীৰ অন্যতম চুতীয়াসকলৰ বিভিন্ন সংগঠনেও চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AACSU protest against govt)। ক্ষোভিত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ পুত্তলিকাও দাহ কৰে । আদালত ভৱনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদত বিজেপি বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে । আনহাতে চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিব নোৱাৰিলে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে ।
Last Updated : Feb 3, 2023, 8:28 PM IST