মাত্ৰ 8 টকা ব্যয় কৰি 30 কিঃমিঃ যাব পাৰিব এখন বাহনেৰে, জানিবলৈ পঢ়ক এই প্ৰতিবেদন - তেজপুৰ বাৰিকাচুবুৰীৰ ছাত্ৰ মছকুল খানে
🎬 Watch Now: Feature Video


Published : Dec 8, 2023, 1:49 PM IST
তেজপুৰ,8 ডিচেম্বৰ: তেজপুৰৰ ৰাজপথত চলা এখন বিশেষ বাহনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ বাইকখনৰ নাম "WONDER BIKE 250" । মাত্ৰ 8 টকা ব্যয়ৰে অনায়াসে 30 কিঃমিঃ অতিক্ৰম কৰিব পাৰিব বিশেষ এই বাইকখনেৰে ৷ তেজপুৰ বাৰিকাচুবুৰীৰ ছাত্ৰ মছকুল খানে নিজস্ব উদ্ভাৱনী চিন্তাৰে সাজি উলিয়াইছে এইখন ই-বাইক ৷
স্ব উদ্ভাৱনী শক্তিৰে নিৰ্মাণ কৰি উলিওৱা এই ই-বাইকখনৰ মডেল যিহেতু আপুনি ক'তো বিচাৰি নাপাব, সেয়ে উদ্ভাৱকে ইয়াৰ নাম ৰাখিছে WONDER BIKE . কোভিডকালীন সময়ত ঘোষণা কৰা লকডাউনৰ সময়ত ঘৰতে বহি এখন ই-চাইকেল সাজি উলিওৱা মছকুলে এইবাৰ ই-বাইক সাজি উলিয়াইছে নিজা চিন্তা-শক্তিৰে ৷ ভৱিষ্যতে এখন ই-কাৰ নিৰ্মাণৰো আশা পুহি ৰখা ছাত্ৰজনক এইক্ষেত্ৰত পিতৃয়ে সহায়ৰ হাত আগবঢ়োৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
মছকুল জনোৱা মতে এই বাইকখনৰ ওজন 30 কেঃজিঃ ৷ বহন ক্ষমতা 80-100 কেঃজিঃ ৷ সম্পূৰ্ণ বেটাৰীৰ দ্বাৰা চালিত এই বাইকখন ৷ ইয়াক সম্পূৰ্ণ চাৰ্জ কৰোঁতে প্ৰয়োজন হয় মাত্ৰ 5 ঘন্টাৰ ৷
ছাত্ৰগৰাকীৰ নিজস্ব উদ্ভাৱনী চিন্তাৰে সাজি উলিওৱা বাইকখনে তেজপুৰত এতিয়া বিশেষ চৰ্চা লাভ কৰাৰ লগতে সমাদৰো লাভ কৰিবলৈ সক্ষম হৈছে ৷