German Tourists at Kaliabor : বিহুত মুগ্ধ জাৰ্মানীৰ পৰ্যটক, ঢোলৰ ছেৱত নাচিলে কঁকাল ভাঙি - জামানীৰ পৰ্যটক বিহু নৃত্য

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 6:52 PM IST

কলিয়াবৰ, 8 নৱেম্বৰ : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ কলিয়াবৰত উপস্থিত হ'ল বিদেশী পৰ্যটকৰ এটি দল । অসমৰ প্ৰাকৃতিক শোভাই আকৰ্ষণ কৰা বিদেশী পৰ্যটকৰ দলটো ব্ৰহ্মপুত্ৰৰ বুকুয়েদি আহি শিলঘাটত উপস্থিত হয় আৰু স্থানীয় দুই-এক সমল পৰিদৰ্শন কৰে । পৰ্যটকৰ দলটোৱে কলিয়াবৰ চাহ বাগিচা পৰিদৰ্শন কৰি সেউজী চাহ গছবোৰ দেখি উৎফুল্লিত হৈ পৰে । দলটোক আদৰণি জনায় এটি বিহু দলে । সাত সাগৰ তেৰ নদী পাৰ হৈ বিদেশী পৰ্যটকৰ দলে কলিয়াবৰত বিহুনৃত্য উপভোগ কৰাৰ লগতে এপাক কঁকাল ঘুৰাই নাচিলেও । এম. ভি. মহাবাহু জাহাজৰে অহা জাৰ্মানীৰ পৰ্যটকৰ দলটো শিলঘাটত উপস্থিত হৈয়ে প্ৰথমে অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে আৰু তাৰ পাচত কলিয়াবৰ চাহ বাগিচাত উপস্থিত হৈ বিহুনৃত্য উপভোগ কৰে । নিশাটো জাহাজতে কটাই দলটো পুৱাই গাড়ীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰে ।

লগতে পঢ়ক : Foreign Tourists at Kaliabor : কলিয়াবৰত ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.