শিল্পী দিৱসৰ দিনা বন্ধ ৰখা হ’ল বিদ্যালয়, স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া

🎬 Watch Now: Feature Video

thumbnail

দৰং, 17 জানুৱাৰী: পশ্চিম মঙলদৈৰ এখন প্ৰাথমিক বিদ্যালয়ৰ আজৱ কাণ্ড ৷ শিল্পী দিৱসৰ দিনা বন্ধ ৰাখিলে বিদ্যালয় ৷ পশ্চিম মঙলদৈৰ জনাৰামচৌকাৰ নিকটৱৰ্তী ধোৱাপাৰা প্ৰাথমিক বিদ্যালয়খন বুধবাৰে অৰ্থাৎ শিল্পী দিৱসৰ দিনাই বন্ধ ৰখা হয় ৷ 

প্ৰায় 40 গৰাকী শিক্ষাৰ্থী আৰু 5 গৰাকী শিক্ষক-শিক্ষয়ত্ৰী থকা বিদ্যালয়খনত আজিৰ দিনটোত কোনো উপস্থিত নহ’ল বিদ্যালয়খনত ৷ উল্লেখ্য যে, বিদ্যালয়খনৰ কিছু দূৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠানৰ ৷ ইয়াৰে গইনা লৈ বিদ্যালয়খন বন্ধ ৰখা বুলি অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে ৷ মাজত 

লক্ষ্যণীয় বিষয় যে, উক্ত ধোৱাপাৰা প্ৰাথমিক বিদ্যালয়খন ডাহী উচ্চতৰ মাধ্যমিক বিদ্যালযৰ লগত সংলগ্ন হৈছিল যদিও কন কন ছাত্ৰ-ছাত্ৰীসকলক পূৰ্বৰ বিদ্য়ালয়তে পাঠদান কৰি থাকিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল  ৷ সেইমৰ্মে বিদ্য়ালয়খন চলি থকাৰ সময়তে আজি এই আজৱ কাণ্ড সংঘটিত হয় ৷ এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷ 

লগতে পঢ়ক: কলগাছিয়াত শিল্পী দিৱস উদযাপন, কাইলৈ জ্যোতি-বিষ্ণু-নজৰুল সন্দৰ্ভত আলোচনাচক্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.