স্প’ৰ্টছ ডেস্ক: আজি টীম ইণ্ডিয়াৰ অন্যতম সদস্য তথা অসম সন্তান ৰিয়ান পৰাগৰ জন্মদিন ৷ 24 বছৰত ভৰি দিলে ক্ৰিকেটাৰগৰাকীয়ে ৷
সাম্প্ৰতিক সময়ত ৰিয়ান পৰাগ হৈছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ, যিয়ে ভাৰতৰ হৈ সীমিত অভাৰৰ ফৰ্মেটৰ ক্ৰিকেটত অংশগ্ৰহণ কৰি আহিছে ৷ এগৰাকী বেটিং অলৰাউণ্ডাৰ হিচাপে মাত্ৰ 17 বছৰতে আই পি এলত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সৰ ক্ৰিকেটাৰত পৰিণত হৈছে ৰিয়ান ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে স্পিনৰ যাদুৰে বলিং কৰি দিশহাৰা কৰি তোলে প্ৰতিপক্ষৰ বেটছমেনক ৷
2001 চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰা ৰিয়ান পৰাগ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ পোন্ধৰজনীয়া তালিকাত স্থান লাভ কৰা অসম তথা উত্তৰ-পূৱৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ ৷ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ৰিয়ানে ।
সম্প্ৰতি দলৰ বাহিৰত ৰিয়ান পৰাগ
শেহতীয়াকৈ টীম ইণ্ডিয়াৰ হৈ আত্মপ্ৰকাশ কৰা ৰিয়ান পৰাগে কান্ধৰ পুৰণি আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিখন টি-20 মেচৰ শৃংখলাটোত অংশগ্ৰহণৰ পৰা বিৰত আছে ৷ আঘাতৰ পৰা উপশম পালে দললৈ উভতিব খেলুৱৈগৰাকী ৷
বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেৰ সৈতে সাঙোৰ খাইছে ৰিয়ানৰ নাম
শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেৰ সৈতে নাম সাঙোৰ খাইছে টীম ইণ্ডিয়াৰ সদস্য তথা অসম সন্তান ৰিয়ান পৰাগৰ নাম ৷ সামাজিক মাধ্যমত এটা ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে, দুয়োগৰাকীয়ে অহা বছৰ বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে ৷
ফিল্মি ফ'ৰাম নামৰ এটা ফেচবুক পেজত শ্বেয়াৰ কৰা হৈছিল এটা পোষ্ট, য'ত ৰিয়ান পৰাগ আৰু অনন্যা পাণ্ডেৰ বিবাহৰ বিষয়ে আলোচনা কৰা হৈছে । সেই পোষ্টটোত দাবী কৰা হৈছে যে, দুয়োজনে 2025 চনৰ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব পাৰে । অৱশ্যে, দুয়োগৰাকী তাৰকাৰ কোনোৱেই এতিয়ালৈকে এই কথা নিশ্চিত কৰা নাই আৰু প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷
ট্ৰলৰ সন্মুখীন হৈছিল ক্ৰিকেটাৰগৰাকী
ৰিয়ান পৰাগে কেইমাহমান পূৰ্বে নিজৰ ইউটিউব চেনেলত এটা লাইভ ষ্ট্ৰীমৰ সময়ত ট্ৰলৰ সন্মুখীন হৈছিল ৷ যেতিয়া ক্ৰিকেটাৰগৰাকীৰ ইউটিউব চেনেলৰ চাৰ্চ হিষ্ট্ৰীত পোৱা গৈছিল অভিনেত্ৰী অনন্যা পাণ্ডেৰ নাম ৷
নিজৰ ইউটিউবত অনন্যা পাণ্ডে হট বুলি লিখি চাৰ্চ কৰিছিল ৰিয়ানে ৷ যাৰ বাবে পৰৱৰ্তী সময়ত যথেষ্ট ট্ৰ'লৰ সন্মুখীন হৈছিল ক্ৰিকেটাৰগৰাকী ৷ অৱশ্যে, বৰ্তমান সময়ত সমগ্ৰ বিষয়টো নিষ্পত্তি কৰা হৈছে । কিন্তু দুয়োগৰাকীৰে বিবাহৰ সন্দৰ্ভত যি খবৰ ওলাইছে, সেয়া কিমানদূৰ সত্য এতিয়াই ক’ব নোৱাৰি ৷