Missing: কৰ্তিক আহিব বুলি ছবছৰে পদুলিত ৰৈ অপেক্ষা মাতৃৰ - Silapathar
🎬 Watch Now: Feature Video
জোনাই, 25 জুন: পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন বিচাৰি গৈছিল কাৰ্তিক সিংহ নামৰ চিলাপথাৰৰ এজন যুৱক ৷ কিন্তু আজি 6 টা বছৰে কাৰ্তিক সিংহ নামৰ যুৱকজন ঘৰলৈ ঘুৰি অহা নাই ৷ পুত্ৰ আহিব বুলি বাট চাই আছে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে ৷
চিলাপথাৰৰ অমৃতপুৰৰ কাৰ্তিক সিংহ নাম যুৱকজন কৰ্মসূত্ৰে গৈছিল বেংগালুৰুলৈ ৷ কিন্তু ৬ বছৰৰ পূৰ্বে যুৱকজনে বেংগালুৰুৰ পৰা ঘৰৰৈ উভতি অহাৰ কথা মাতৃক ফোনযোগে খবৰ দিয়াৰ পাচৰ পৰাই কোনো সন্ধান নাই কাৰ্তিক সিংহৰ ।
তেতিয়াৰ পৰাই পৰিয়ালৰ লোকে নিখোঁজ কাৰ্তিক সিংহক বিভিন্ন ঠাইত বিচাৰিছে যদিও আজিও নাই সন্ধান ৷ কাৰ্তিকৰ সন্ধান উলিয়াই দিবৰ বাবে আৰক্ষীৰো কাষ চাপিল যুৱকজনৰ মাতৃ ৷ কিন্তু নোলাল কোনো সন্ধান ৷ সেয়ে উপায়ন্তৰ মাতৃয়ে পুত্ৰৰ ফটো বুকুত লৈ আজিও পুত্ৰ অহাৰ অপেক্ষাত বাট চাই আছে । যদি কোনো সদাশয় লোকে যদি কাৰ্তিক সিংহক দেখা পায়, তেন্তে 96788-20231 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় দুৰ্ভগীয়া মাতৃয়ে ৷