New born case: এগৰাকী প্ৰসূতিয়ে জন্ম দিলে চাৰিটিকৈ দেৱশিশু - Karimganj rare new born case

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 19, 2023, 3:55 PM IST

কৰিমগঞ্জ,১৯ এপ্ৰিল: কৰিমগঞ্জত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা । জিলাখনত এগৰাকী মাতৃয়ে একেলগে জন্ম দিলে চাৰিটিকৈ সন্তান  । বাজাৰিচৰাৰ খ্ৰীষ্টান মিছনেৰী হাস্পটালত এই চাৰিটি সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে । নৱজাতককেইটাৰ ভিতৰত তিনিটা ল’ৰা সন্তান আৰু এগৰাকী কন্যা সন্তান । বৰ্তমান চিকিৎসালয়খনৰ বেবী কেয়াৰ ইউনিটত নৱজাতককেইটা সুস্থ অৱস্থাত চিকিৎসকৰ নিৰীক্ষণত থকা বুলি জানিব পৰা গৈছে (Woman gave birth to four children together) ।  

জানিব পৰা মতে, নৱজাতক চাৰিটাৰ পিতৃৰ ঘৰ দক্ষিণ কৰিমগঞ্জৰ নীলাম বজাৰ থানাৰ অন্তৰ্গত দলগ্ৰামৰ খাছিয়া পুগনীত । পিতৃৰ নাম লাষ্টিং খাচিয়া আৰু মাতৃৰ নাম জনতা খাছিয়া । ইয়াৰ পূৰ্বেও এগৰাকী কন্যা সন্তান জন্ম দিছিল জনতা খাছিয়াই । জানিব পৰা মতে, সোমবাৰে নিশা তিনি বজাত গৰ্ভৱতী মহিলাগৰাকীক মাকুন্দা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তাৰ পিছতে প্ৰসূতিগৰাকীৰ গৰ্ভত চাৰিটা সন্তানৰ উপস্থিতি ধৰা পৰে । লগে লগে মঙলবাৰে পুৱা ৭ বজাত সফল অস্ত্ৰোপচাৰৰ জৰিয়তে চাৰিটা শিশুৰ জন্ম হয় (Karimganj rare new born case) ।  

এই সন্দৰ্ভত চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত ডাঃ চন্দনে কয় যে, পূৰ্বে মাকুন্দাৰ চিকিৎসালয়খনত একেলগে চাৰিটা সন্তান জন্ম হোৱা ঘটনাৰ ৰেকৰ্ড নাছিল । বৰ্তমান মাক আৰু নৱজাতক চাৰিটা সম্পূৰ্ণ সুস্থ অৱস্থাত আছে বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ৷ নৱজাতকৰ ছবি এতিয়া ব্যাপক হাৰত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Karimganj new born photo viral) ।

লগতে পঢ়ক: Diesel price Hike: পুনৰ প্ৰতিলিটাৰ ডিজেলত দাম বৃদ্ধি পালে 51 পইচাকৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.