Eviction drive in Lakhimpur: মঙলবাৰে পাভ সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান - বনাঞ্চলখনত উচ্ছেদ অভিযান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 8, 2023, 3:01 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

লখিমপুৰ জিলাৰ পাঁচখন সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলত (Pabha Sanctuary) । দীর্ঘদিন ধৰি বনাঞ্চলসমূহত চলি আছে বেদখল । ইয়াৰ ভিতৰত সৰ্বাধিক বেদখল হোৱা বনাঞ্চলখন হ’ল পাভ সংৰক্ষিত বনাঞ্চল । যাৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বনাঞ্চলখন বেদখলমুক্ত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । এই নিৰ্দেশ মৰ্মে প্ৰশাসনে অহা 10 জানুৱাৰীত বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি কৰিছে । বনাঞ্চলখনৰ ৫০১ একৰ মাটি বেদখলমুক্ত কৰিবলৈ জিলাৰ আৰক্ষী বিভাগে ইতিমধ্যে সমৰ-সজ্জা প্ৰস্তুত কৰিছে (Eviction drive will be carried out at Pabha Sanctuary)। আৰক্ষী, আৰক্ষী বেটেলিয়ন আৰু অৰ্ধসামৰিক বাহিনীক লৈ তিনিতৰপীয়া অভিযানৰ বেহু ৰচনা কৰিছে প্ৰশাসনে । শনিবাৰৰ পৰা বনাঞ্চলখনত আৰক্ষীয়ে সাৱধান সূচক ৰঙা পতাকা লৈ টহল দিয়া পৰিলক্ষিত হৈছে । আৰক্ষীৰ এনে যুদ্ধংদেহী অৱস্থিতি প্ৰত্যক্ষ কৰি একাংশ বেদখলকাৰী বিতত হৈ পৰিছে । তেওঁলোকে ইতিমধ্যে ঘৰ-দুৱাৰ ভাঙি বনাঞ্চলখনৰ পৰা অন্য স্থানলৈ ঢাপলি মেলিছে । আৰক্ষী বিভাগে বনাঞ্চলখনত এজনো বেদখলকাৰীক থাকিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়াও পৰিলক্ষিত হয় ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.