Mysterious suicide: তিনিচুকীয়াত পিষ্টলেৰে গুলীয়াই আত্মহত্যা এজনৰ - Suicide by shooting with pistol in Tinsukia

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 10:17 AM IST

তিনিচুকীয়া, 6 ছেপ্তেম্বৰ : মঙলবাৰে নিশা তিনিচুকীয়াৰ এটি ৰোড’ৰ নেটৱৰ্ক কাউণ্টাৰৰ সমীপত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ টিটু ৰাজাৰী ওৰফে ৰাহুল বাজাৰি নামৰ লোকেজনে আত্মহত্যা কৰে ৷ জানিব পৰা মতে নিজৰ বাসগৃহতে পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে লোকজনে ৷  

পৰৱৰ্তী সময়ত ততাতৈয়াকৈ উক্ত স্থানত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসৰ লগতে আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ প্ৰাথমিক তদন্তত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে সোধাপোছাৰ বাবে এগৰাকী মহিলাক আটক কৰে ৷ তাৰ সমান্তৰালভাৱে ৰাহুলে গুলীয়াই আত্মহত্যা কৰা পিষ্টলটো আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, উদ্ধাৰ কৰা পিষ্টলটো তিনিচুকীয়াৰ দত্ত উপাধিৰ নামত পঞ্জীয়ন আছে ৷ সেয়ে দত্ত উপাধিৰ লোকজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷ দত্ত উপাধিৰ লোকজনৰ পিষ্টলটো কেনেকৈ টিটু বাজাৰীৰ হাতলৈ আহিছিল ! এয়া আত্মহত্যা নে হত্যা সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক: Terrible Road Accident: তিনিচুকীয়াৰ বৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 7 গৰাকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.